অধ্যায়সমূহ 1

অৰ্জুনবিষাদযোগ

অথ প্ৰথমোঽধ্যায়ঃ

46 খণ্ডটো
অৰ্জুনবিষাদযোগ

শ্লোক ১

ধৃতৰাষ্ট্ৰ উবাচ |

ধৰ্মক্ষেত্ৰে কুৰুক্ষেত্ৰে সমবেতা যুযুৎসৱঃ |

মামকাঃ পাণ্ডৱাশ্চৈব কিমকুৰ্বত সঞ্জয় ||১-১||

ধৃতৰাষ্ট্ৰ উবাচ

অনুবাদ

ধৃতৰাষ্ট্ৰই ক’লে -- হে সঞ্জয়! ধৰ্মভূমি কুৰুক্ষেত্ৰত সমবেত হোৱা যুদ্ধৰ অভিলাষী মোৰ আৰু পাণ্ডুৰ পুত্ৰসকলে কি কৰিলে?

অৰ্জুনবিষাদযোগ

শ্লোক ২

সঞ্জয় উবাচ |

দৃষ্ট্বা তু পাণ্ডৱানীকং ব্যূঢ়ং দুৰ্যোধনস্তদা |

আচাৰ্যমুপসংগম্য ৰাজা বচনমব্ৰবীৎ ||১-২||

সঞ্জয় উবাচ

অনুবাদ

সঞ্জয়ে ক’লে -- পাণ্ডৱৰ সৈন্যবাহিনীৰ ব্যূহ ৰচনা দেখি ৰজা দুৰ্যোধনে সেই সময়ত আচাৰ্য দ্ৰোণৰ ওচৰলৈ গৈ এই বচন ক’লে।

অৰ্জুনবিষাদযোগ

শ্লোক ৩

পশ্যেতাং পাণ্ডুপুত্ৰাণামাচাৰ্য মহতীং চমূম্ |

ব্যূঢ়াং দ্ৰুপদপুত্ৰেণ তব শিষ্যেণ ধীমতা ||১-৩||

অনুবাদ

হে আচাৰ্য! আপোনাৰ বুদ্ধিমান শিষ্য দ্ৰুপদপুত্ৰৰ দ্বাৰা ব্যূহাকাৰত থিয় কৰোৱা পাণ্ডুপুত্ৰসকলৰ এই বিশাল সৈন্যবাহিনীক চাওক।

অৰ্জুনবিষাদযোগ

শ্লোক ৪, ৫ আৰু ৬

অত্র শূৰা মহেষ্বাসা ভীমাৰ্জুনসমা যুধি |

যুযুধানো বিৰাটশ্চ দ্ৰুপদশ্চ মহাৰথঃ ||১-৪||

ধৃষ্টকেতুশ্চেকিতানঃ কাশিৰাজশ্চ বীৰ্যৱান্ |

পুৰুজিৎকুন্তিভোজশ্চ শৈব্যশ্চ নৰপুংগৱঃ ||১-৫||

যুধানন্যুশ্চ বিক্ৰান্ত উত্তমৌজাশ্চ বীৰ্যৱান্ |

সৌভদ্ৰো দ্ৰৌপদেয়াশ্চ সৰ্ব এৱ মহাৰথাঃ ||১-৬||

অনুবাদ

এই সৈন্যবাহিনীত মহান ধনুৰ্ধৰ যোদ্ধা আছে, যি যুদ্ধত ভীম আৰু অৰ্জুনৰ সমান, যেনে -- যুযুধান, বিৰাট তথা মহাৰথী ৰজা দ্ৰুপদ। ধৃষ্টকেতু, চেকিতান, বলৱান কাশিৰাজ, পুৰুজিৎ, কুন্তিভোজ আৰু মনুষ্যৰ মাজত শ্ৰেষ্ঠ শৈব্য। পৰাক্ৰমী যুধানন্যু, বলৱান উত্তমৌজা, সুভদ্ৰাপুত্ৰ (অভিমনু) আৰু দ্ৰৌপদীৰ পুত্ৰসকল -- এওঁলোক সকলো মহাৰথী।

অৰ্জুনবিষাদযোগ

শ্লোক ৭

অস্মাকং তু বিশিষ্ট। যে তান্নিবোধ দ্বিজোত্তম |

নায়কা মম সৈন্যস্য সংজ্ঞার্থং তানব্ৰবীমি তে ||১-৭||

অনুবাদ

হে দ্বিজোত্তম! আমাৰ পক্ষতো যি বিশিষ্ট যোদ্ধাসকল আছে, তেওঁলোকৰ বিষয়ে আপুনি জানি লওক; আপোনাৰ অৱগতিৰ বাবে মোৰ সৈন্যৰ নায়কসকলৰ নাম মই আপোনাক কওঁ।

অৰ্জুনবিষাদযোগ

শ্লোক ৮ আৰু ৯

ভৱান্ভীষ্মশ্চ কৰ্ণশ্চ কৃপশ্চ সমিতিঞ্জয়ঃ |

অশ্বত্থামা বিকৰ্ণশ্চ সৌমদত্তিস্তথৈৱ চ ||১-৮||

অন্যে চ বহৱঃ শূৰা মদৰ্থে ত্যক্তজীৱিতাঃ |

নানাশস্ত্ৰপ্ৰহৰণাঃ সৰ্ৱে যুদ্ধবিশাৰদাঃ ||১-৯||

অনুবাদ

এজন স্বয়ং আপুনি, ভীষ্ম, কৰ্ণ, আৰু যুদ্ধ বিজয়ী কৃপাচার্য তথা অশ্বত্থামা, বিকৰ্ণ আৰু সোমদত্তৰ পুত্ৰ। মোৰ বাবে প্ৰাণ ত্যাগ কৰিবলৈ সাজু, বিভিন্ন প্ৰকাৰৰ শস্ত্ৰাষ্ট্ৰৰে সুসজ্জিত তথা যুদ্ধত কুশল আৰু বহুতো শূৰ বীৰ আছে।

অৰ্জুনবিষাদযোগ

শ্লোক ১০

অপৰ্যাপ্তং তদস্মাকং বলং ভীষ্মাভিৰক্ষিতম্ |

পৰ্যাপ্তং ত্বিদমেতেষাং বলং ভীমাভিৰক্ষিতম্ ||১-১০||

অনুবাদ

ভীষ্মৰ দ্বাৰা আমাৰ ৰক্ষিত সৈন্য অপৰ্যাপ্ত; কিন্তু ভীমৰ দ্বাৰা ৰক্ষিত তেওঁলোকৰ সৈন্য পৰ্যাপ্ত। অথবা, ভীষ্মৰ দ্বাৰা ৰক্ষিত আমাৰ সৈন্য অপৰিমিত কিন্তু ভীমৰ দ্বাৰা ৰক্ষিত তেওঁলোকৰ সৈন্য পৰিমিত।

অৰ্জুনবিষাদযোগ

শ্লোক ১১

অয়নেষু চ সৰ্ৱেষু যথাভাগমৱস্থিতাঃ |

ভীষ্মমেৱাভিৰক্ষন্তু ভৱন্তঃ সৰ্ৱ এৱ হি ||১-১১||

অনুবাদ

বিভিন্ন মৰ্চাত নিজ নিজ স্থানত অৱস্থিত হৈ আপোনালোক সকলোৱে ভীষ্ম পিতামহৰেই সকলো দিশৰ পৰা ৰক্ষা কৰক।

অৰ্জুনবিষাদযোগ

শ্লোক ১২

তস্য সঞ্জয়ন্হৰ্ষং কুৰুবৃদ্ধঃ পিতামহঃ |

সিংহনাদং বিনদ্যোচ্চৈঃ শঙ্খং দধ্মৌ প্ৰতাপৱান্ ||১-১২||

অনুবাদ

সেই সময়ত কৌৰৱসকলৰ মাজত বৃদ্ধ, প্ৰতাপী পিতামহ ভীষ্মই সেই (দুৰ্যোধনৰ) হৃদয়ত হৰ্ষ উৎপন্ন কৰি উচ্চ স্বৰত গৰ্জি শংখধ্বনি কৰিলে।

অৰ্জুনবিষাদযোগ

শ্লোক ১৩

ততঃ শঙ্খাশ্চ ভেৰ্যশ্চ পণৱানকগোমুখাঃ |

সহসৈৱাভ্যহন্যন্ত স শব্দস্তুমুলোঽভৱৎ ||১-১৩||

অনুবাদ

তাৰপাছত শংখ, নগাৰা, ঢোল আৰু শৃংগী আদি বাদ্য একেলগে বাজি উঠিল, যাৰ অতি ভয়ংকৰ শব্দ হ’ল।

অৰ্জুনবিষাদযোগ

শ্লোক ১৪

ততঃ শ্বেতৈৰ্হয়ৈৰ্যুক্তে মহতি স্যন্দনে স্থিতৌ |

মাধৱঃ পাণ্ডৱশ্চৈৱ দিব্যৌ শঙ্খৌ প্ৰদধ্মতুঃ ||১-১৪||

অনুবাদ

ইয়াৰ পিছত শ্বেত অশ্বযুক্ত ভৱ্য ৰথত বহি থকা মাধৱ (শ্ৰীকৃষ্ণ) আৰু পাণ্ডুপুত্ৰ অৰ্জুনেও নিজৰ দিব্য শংখ বজালে।

অৰ্জুনবিষাদযোগ

শ্লোক ১৫

পাঞ্চজন্যং হৃষীকেশো দেৱদত্তং ধনঞ্জয়ঃ |

পৌণ্ড্ৰং দধ্মৌ মহাশঙ্খং ভীমকৰ্মা বৃকোদৰঃ ||১-১৫||

অনুবাদ

ভগৱান হৃষীকেশে পাঞ্চজন্য, ধনঞ্জয়ে (অৰ্জুন) দেৱদত্ত তথা ভয়ংকৰ কৰ্ম কৰা ভীমে পৌণ্ড্ৰ নামৰ মহাশংখ বজালে।

অৰ্জুনবিষাদযোগ

শ্লোক ১৬

অনন্তবিজয়ং ৰাজা কুন্তী পুত্ৰো যুধিষ্ঠিৰঃ |

নকুলঃ সহদেৱশ্চ সুঘোষমণিপুষ্পকৌ ||১-১৬||

অনুবাদ

কুন্তীৰ পুত্ৰ ৰজা যুধিষ্ঠিৰে অনন্ত বিজয় নামৰ শংখ আৰু নকুল তথা সহদেৱে ক্ৰমে সুঘোষ আৰু মণি পুষ্পক নামৰ শংখ বজালে।

অৰ্জুনবিষাদযোগ

শ্লোক ১৭ আৰু ১৮

কাশ্যশ্চ পৰমেষ্বাসঃ শিখণ্ডী চ মহাৰথঃ |

ধৃষ্টদ্যুম্নো বিৰাটশ্চ সাত্যকিশ্চাপৰাজিতঃ ||১-১৭||

দ্ৰুপদো দ্ৰৌপদেয়াশ্চ সৰ্বশঃ পৃথিৱীপতে |

সৌভদ্ৰশ্চ মহাবাহুঃ শঙ্খান্দধ্মুঃ পৃথক্পৃথক্ ||১-১৮||

অনুবাদ

শ্ৰেষ্ঠ ধনুৰ্ধৰ কাশিৰাজ, মহাৰথী শিখণ্ডী, ধৃষ্টদ্যুম্ন, ৰজা বিৰাট আৰু অজেয় সাত্যকি। হে ৰাজন্! ৰজা দ্ৰুপদ, দ্ৰৌপদীৰ পুত্ৰ আৰু মহাবাহু সৌভদ্ৰ (অভিমনু) এওঁলোকে সকলোৱে পৃথক পৃথক শংখ বজালে।

অৰ্জুনবিষাদযোগ

শ্লোক ১৯

স ঘোষো ধাৰ্তৰাষ্ট্ৰাণাং হৃদয়ানিব্যদাৰয়ৎ |

নভশ্চ পৃথিৱীং চৈৱ তুমুলোঽভ্যনুনাদয়ন্ ||১-১৯||

অনুবাদ

সেই ভয়ংকৰ ঘোষ আকাশ আৰু পৃথিৱীত গুঞ্জৰিত হ’ল আৰু ই ধৃতৰাষ্ট্ৰৰ পুত্ৰসকলৰ হৃদয় বিদীৰ্ণ কৰিলে।

অৰ্জুনবিষাদযোগ

শ্লোক ২০

অথ ব্যৱস্থিতান্দৃষ্ট্বা ধাৰ্তৰাষ্ট্ৰান্ কপিধ্বজঃ |

প্ৰবৃত্তে শস্ত্ৰসম্পাতে ধনুৰুদম্য পাণ্ডৱঃ |

হৃষীকেশং তদা বাক্যমিদমাহ মহীপতে ||১-২০||

অনুবাদ

হে মহীপতে! এইদৰে যেতিয়া যুদ্ধ আৰম্ভ হ’বলৈ লৈছিল, তেতিয়া কপিধ্বজ অৰ্জুনে ধৃতৰাষ্ট্ৰৰ পুত্ৰসকলক অৱস্থিত দেখি ধনু তুলি লৈ ভগৱান হৃষীকেশক এই কথা ক’লে।

অৰ্জুনবিষাদযোগ

শ্লোক ২১, ২২, ২৩

অৰ্জুন উবাচ |

সেনয়োৰুভয়োৰ্মধ্যে ৰথং স্থাপয় মেঽচ্যুত ||১-২১||

য়াৱদেতান্নিৰীক্ষেঽহং যোদ্ভুকামানৱস্থিতান্ |

কৈৰ্ময়া সহ যোদ্ভৱ্যমস্মিন ৰণসমুদযমে ||১-২২||

যোৎস্যমানানৱেক্ষেঽহং য এতেঽত্ৰ সমাগতাঃ |

ধাৰ্তৰাষ্ট্ৰস্য দুৰ্বুদ্ধেৰ্যুদ্ধে প্ৰিয়চিকীৰ্ষৱঃ ||১-২৩||

অৰ্জুন উবাচ

অনুবাদ

অৰ্জুনে ক’লে -- হে অচ্যুত! মোৰ ৰথক দুয়োখন সৈন্যবাহিনীৰ মাজত থিয় কৰাওক। যাতে মই যুদ্ধৰ ইচ্ছাৰে থিয় হৈ থকা এই লোকসকলক নিৰীক্ষণ কৰিব পাৰোঁ যে এই যুদ্ধত মই কাৰ সৈতে যুদ্ধ কৰিব লাগিব। দুৰ্বুদ্ধি ধাৰ্তৰাষ্ট্ৰৰ (দুৰ্যোধন) যুদ্ধত প্ৰিয় বিচৰা যি এই ৰজাসকল ইয়াত সমবেত হৈছে, সেই যুদ্ধ কৰা লোকসকলক মই চাম।

অৰ্জুনবিষাদযোগ

শ্লোক ২৪ আৰু ২৫

সঞ্জয় উবাচ |

এৱমুক্তো হৃষীকেশো গুড়াকেশেন ভাৰত |

সেনয়োৰুভয়োৰ্মধ্যে স্থাপয়িত্ৱা ৰথোত্তমম্ ||১-২৪||

ভীষ্মদ্ৰোণপ্ৰমুখতঃ সৰ্ৱেষাং চ মহীক্ষিতাম্ |

উৱাচ পাৰ্থ পশ্যেতান্সমবেতান্কুৰূনিতি ||১-২৫||

সঞ্জয় উবাচ

অনুবাদ

সঞ্জয়ে ক’লে -- হে ভাৰত (ধৃতৰাষ্ট্ৰ)! অৰ্জুনৰ এনে ধৰণৰ কথাত ভগৱান হৃষীকেশে দুয়োখন সৈন্যবাহিনীৰ মাজত উত্তম ৰথখন থিয় কৰাই। ভীষ্ম, দ্ৰোণ তথা পৃথিৱীৰ সমস্ত শাসকৰ সমুখত তেওঁ ক’লে, "হে পাৰ্থ, ইয়াত সমবেত হোৱা কৌৰৱসকলক চোৱা"।

অৰ্জুনবিষাদযোগ

শ্লোক ২৬

তত্ৰাপশ্যৎস্থিতান্পাৰ্থঃ পিতৄনথ পিতামহান্ |

আচাৰ্যান্মাতুলান্ভ্ৰাতৄন্পুত্ৰান্পৌত্ৰান্সখীংস্তথা ||১-২৬||

অনুবাদ

তাত অৰ্জুনে সেই দুয়োখন সৈন্যবাহিনীত থিয় হৈ থকা পিতৃৰ ভাই, পিতামহ, আচাৰ্য, মোমায়েক, ভাই, পুত্ৰ, পৌত্ৰ, মিত্ৰ, শহুৰেক আৰু সুহৃদসকলক দেখিলে।

অৰ্জুনবিষাদযোগ

শ্লোক ২৭

শ্বশুৰানসুহৃদশ্চৈৱ সেনয়োৰুভয়োৰপি |

তান্সমীক্ষ্য স কৌন্তেয়ঃ সৰ্ৱান্বন্ধূনৱস্থিতান্ ||১-২৭||

অনুবাদ

এইদৰে সেই সকলো বন্ধু-বান্ধৱক থিয় হৈ থকা দেখি কুন্তীৰ পুত্ৰ অৰ্জুনৰ মন কৰুণাৰে ভৰি পৰিল আৰু বিষাদযুক্ত হৈ তেওঁ এই কথা ক’লে।

অৰ্জুনবিষাদযোগ

শ্লোক ২৮, ২৯, ৩০, ৩১

কৃপয়া পৰয়াৱিষ্টো বিষীদন্নিদমব্ৰৱীত্ |

অৰ্জুন উবাচ |

দৃষ্ট্বেমং স্বজনং কৃষ্ণ যুযুৎসুং সমুপস্থিতম্ ||১-২৮||

সীদন্তি মম গাত্ৰাণি মুখং চ পৰিশুষ্যতি |

ৱেপধুশ্চ শৰীৰে মে ৰোমৰ্ষশ্চ জায়তে ||১-২৯||

গাাণ্ডীৱং স্ৰংসতে হস্তাত্ত্বক্চৈৱ পৰিদহ্যতে |

ন চ শক্লোম্যৱস্থাতুং ভ্ৰমতীব চ মে মনঃ ||১-৩০||

নিমিত্তানি চ পশ্যামি বিপৰীতানি কেশৱ |

ন চ শ্ৰেয়োঽনুপশ্যামি হত্বা স্বজনমাহৱে ||১-৩১||

অৰ্জুন উবাচ

অনুবাদ

অৰ্জুনে ক’লে -- হে কৃষ্ণ! যুদ্ধৰ ইচ্ছা ৰাখি উপস্থিত হোৱা এই স্বজনসকলক দেখি মোৰ অংগবোৰ শিথিল হৈ পৰিছে, মুখ শুকাই গৈছে আৰু মোৰ শৰীৰত কম্পন তথা ৰোমাঞ্চ হৈছে। মোৰ হাতৰ পৰা গাাণ্ডীৱ (ধনু) সৰি পৰিছে আৰু ছাল জ্বলি গৈছে। মোৰ মন ভ্ৰমিত হৈ পৰিছে, আৰু মই থিয় হৈ থকাত অসমৰ্থ। হে কেশৱ! মই শুভ লক্ষণবোৰো বিপৰীতহে দেখিছোঁ আৰু যুদ্ধত নিজৰ স্বজনসকলক মাৰি কোনো কল্যাণো দেখা নাই।

অৰ্জুনবিষাদযোগ

শ্লোক ৩২

ন কাঙ্ক্ষে বিজয়ং কৃষ্ণ ন চ ৰাজ্যং সুখানি চ |

কিং নো ৰাজ্যেন গোবিন্দ কিং ভোগৈৰ্জীৱিতেন ৱা ||১-৩২||

অনুবাদ

হে কৃষ্ণ! মই বিজয় নিবিচাৰোঁ, ৰাজ্য নিবিচাৰোঁ আৰু সুখবোৰো নিবিচাৰোঁ। হে গোবিন্দ! আমাৰ ৰাজ্যৰ পৰা অথবা ভোগৰ পৰা আৰু জীয়াই থকাৰ পৰা কি প্ৰয়োজন?

অৰ্জুনবিষাদযোগ

শ্লোক ৩৩ আৰু ৩৪

য়েষামৰ্থে কাঙ্ক্ষিতং নো ৰাজ্যং ভোগাঃ সুখানি চ |

ত ইমেঽৱস্থিতা যুদ্ধে প্ৰাণাংস্ত্যক্ত্ৱা ধনানি চ ||১-৩৩||

আচাৰ্যাঃ পিতৰঃ পুত্ৰাস্তথৈৱ চ পিতামহাঃ |

মাতুলাঃ শ্বশুৰাঃ পৌত্ৰাঃ শ্যালাঃ সম্বন্ধিনস্তথা ||১-৩৪||

অনুবাদ

আমি যাৰ বাবে ৰাজ্য, ভোগ আৰু সুখ আদিৰ ইচ্ছা কৰোঁ, সেই লোকসকলেই ধন আৰু জীৱনৰ আশা ত্যাগ কৰি যুদ্ধত থিয় হৈ আছে। তেওঁলোক গুৰুজন, খুড়া, ককা, পুত্ৰ, পিতামহ, শহুৰেক, নাতি, ভায়েক তথা অন্যান্য সম্বন্ধীয় লোক।

অৰ্জুনবিষাদযোগ

শ্লোক ৩৫

এতান্ন হন্তুম ইচ্ছামি ঘ্নতোঽপি মধুসূদন |

অপি ত্ৰৈলোক্যৰাজ্যস্য হেতোঃ কিং নু মহীকৃতে ||১-৩৫||

অনুবাদ

হে মধুসূদন! এওঁলোকে মোক মাৰিলেও অথবা ত্ৰৈলোক্যৰ ৰাজ্যৰ বাবেও মই এওঁলোকক মাৰিব নিবিচাৰোঁ, পৃথিৱীৰ বাবে তেন্তে কি ক’ম?

অৰ্জুনবিষাদযোগ

শ্লোক ৩৬

নিহত্য ধাৰ্তৰাষ্ট্ৰান্নঃ কা প্ৰীতিঃ স্যাজ্জনাৰ্দন |

পাপমেৱাশ্ৰয়েদস্মানহত্বৈতানাততায়িনঃ ||১-৩৬||

অনুবাদ

হে জনাৰ্দন! ধৃতৰাষ্ট্ৰৰ পুত্ৰসকলক হত্যা কৰি আমাৰ কি প্ৰসন্নতা হ’ব? এই আততায়ীবোৰক মাৰি আমাৰ কেৱল পাপহে লাগিব।

অৰ্জুনবিষাদযোগ

শ্লোক ৩৭

তস্মান্নার্হা ৱয়ং হন্তুং ধাৰ্তৰাষ্ট্ৰানস্ববান্ধৱান্ |

স্বজনং হি কথং হত্বা সুখিনঃ স্যাম মাধৱ ||১-৩৭||

অনুবাদ

হে মাধৱ! সেইবাবে নিজৰ বান্ধৱ ধৃতৰাষ্ট্ৰৰ পুত্ৰসকলক মৰা আমাৰ বাবে যোগ্য নহয়, কাৰণ স্বজনসকলক মাৰি আমি কেনেকৈ সুখী হ’ম?

অৰ্জুনবিষাদযোগ

শ্লোক ৩৮ আৰু ৩৯

যদ্যপ্যেতে ন পশ্যন্তি লোভোপহতচেতসঃ |

কুলক্ষয়কৃতং দোষং মিত্ৰদ্ৰোহে চ পাতকম্ ||১-৩৮||

কথং ন জ্ঞেয়মস্মাভিঃ পাপাদস্মান্নিৱৰ্তিতুম্ |

কুলক্ষয়কৃতং দোষং প্ৰপশ্যদ্ভীৰ্জনাৰ্দন ||১-৩৯||

অনুবাদ

যদিও লোভৰ দ্বাৰা ভ্ৰষ্টচিত্ত হোৱা এই লোকসকলে কুলনাশৰ দোষ আৰু মিত্ৰদ্ৰোহত পাপ নেদেখে। কিন্তু, হে জনাৰ্দন! কুলক্ষয়ৰ পৰা হোৱা দোষক জনা আমি লোকসকলে এই পাপৰ পৰা বিৰত হ’বলৈ কিয় চিন্তা কৰা উচিত নহয়?

অৰ্জুনবিষাদযোগ

শ্লোক ৪০

কুলক্ষয়ে প্ৰণশ্যন্তি কুলধৰ্মাঃ সনাতনাঃ |

ধর্মে নষ্টে কুলং কৃৎস্নমধৰ্মোঽভিভৱত্যুত ||১-৪০||

অনুবাদ

কুল নষ্ট হোৱাৰ লগে লগে সনাতন ধৰ্ম নষ্ট হৈ যায়। ধৰ্ম নষ্ট হ’লে সম্পূৰ্ণ কুলক অধৰ্মই (পাপ) হেঁচা মাৰি ধৰে।

অৰ্জুনবিষাদযোগ

শ্লোক ৪১

অধৰ্মভিভৱাত্কৃষ্ণ প্ৰদুশ্যন্তি কুলস্ত্ৰিয়ঃ |

স্ত্ৰীষু দুষ্টাসু বাৰ্ষ্ণেয় জায়তে বৰ্ণসঙ্কৰঃ ||১-৪১||

অনুবাদ

হে কৃষ্ণ! পাপৰ অধিক বৃদ্ধি হোৱাৰ বাবে কুলৰ স্ত্ৰীসকল দূষিত হৈ পৰে, আৰু হে বাৰ্ষ্ণেয়! স্ত্ৰীসকল দূষিত হ’লে বৰ্ণসংকৰ উৎপন্ন হয়।

অৰ্জুনবিষাদযোগ

শ্লোক ৪২

সঙ্কৰো নৰকায়ৈৱ কুলঘ্নানাং কুলস্য চ |

পতন্তি পিতৰো হ্যেৰ্ষাং লুপ্তপিণ্ডোদকক্ৰিয়াঃ ||১-৪২||

অনুবাদ

সেই বৰ্ণসংকৰে কুলঘাতীসকলক আৰু কুলক নৰকলৈ লৈ যোৱাৰ কাৰণ হৈ পৰে। পিণ্ড আৰু জলদানৰ ক্ৰিয়াৰ পৰা বঞ্চিত তেওঁলোকৰ পিতৃপুৰুষসকলো নৰকলৈ পৰে।

অৰ্জুনবিষাদযোগ

শ্লোক ৪৩

দোষৈৰেতৈঃ কুলঘ্নানাং বৰ্ণসঙ্কৰকাৰকৈঃ |

উত্সাদ্যন্তে জাতিধৰ্মাঃ কুলধৰ্মাশ্চ শাশ্বতাঃ ||১-৪৩||

অনুবাদ

এই বৰ্ণসংকৰ কাৰক দোষবোৰৰ দ্বাৰা কুলঘাতী দোষৰ বাবে সনাতন কুলধৰ্ম আৰু জাতিধৰ্ম নষ্ট হৈ যায়।

অৰ্জুনবিষাদযোগ

শ্লোক ৪৪

উত্সন্নকুলধৰ্মাণাং মনুষ্যাণাং জনাৰ্দন |

নৰকে নিয়তং ৱাসো ভৱতীত্যনুশুশ্ৰুম ||১-৪৪||

অনুবাদ

হে জনাৰ্দন! আমি শুনিছোঁ যে যাৰ ইয়াত কুলধৰ্ম নষ্ট হৈ যায়, সেই মানুহসকলৰ অনিয়ত কাললৈ নৰকত বাস হয়।

অৰ্জুনবিষাদযোগ

শ্লোক ৪৫

অহো বত মহৎপাপং কৰ্তুং ব্যৱসিতা ৱয়ম্ |

যদ্ৰাজ্যসুখলোভেন হন্তুং স্বজনমুদ্যতাঃ ||১-৪৫||

অনুবাদ

অহো! শোক যে আমি লোকসকলে অতি ডাঙৰ পাপ কৰাৰ সিদ্ধান্ত লৈ পেলাইছোঁ, যি ৰাজ্যসুখৰ লোভত নিজৰ পৰিয়ালৰ নাশ কৰিবলৈ সাজু হৈছোঁ।

অৰ্জুনবিষাদযোগ

শ্লোক ৪৬

যদি মামপ্ৰতীকাৰমশস্ত্ৰং শস্ত্ৰপাণয়ঃ |

ধাৰ্তৰাষ্ট্ৰা ৰণে হন্যুস্তন্মে ক্ষেমতৰং ভৱেত্ ||১-৪৬||

অনুবাদ

যদি মোক শস্ত্ৰহীন আৰু প্ৰতিকাৰ নকৰা অৱস্থাত এই শস্ত্ৰধাৰী কৌৰৱসকলে ৰণত মাৰে, তেন্তে সেয়া মোৰ বাবে কল্যাণকাৰক হ’ব।

অৰ্জুনবিষাদযোগ

শ্লোক ৪৭

সঞ্জয় উবাচ |

এৱমুক্ত্ৱাৰ্জুনঃ সঙ্খ্য ৰথোপস্থ উপাৱিশত্ |

ৱিসৃজ্য সশৰং চাপং শোকসংৱিঘ্নমানসঃ ||১-৪৭||

সঞ্জয় উবাচ

অনুবাদ

সঞ্জয়ে ক’লে -- ৰণভূমিত শোকত উদ্বিগ্ন মনৰ অৰ্জুনে এইদৰে কৈ শৰসহ ধনু ত্যাগ কৰি ৰথৰ পিছফালে বহি পৰিল।

ওঁ তৎসদিতি শ্ৰীমদ্ভগবদ্গীতা সুপনিষৎসু ব্ৰহ্মবিদ্যাম্ যোগশাস্ত্ৰে শ্ৰীকৃষ্ণাৰ্জুনসংবাদে অৰ্জুনবিষাদযোগো নাম প্ৰথমোঽধ্যায়ঃ

কেৱল পঢ়াতকৈ বহু বেছি -
আপোনাৰ নিজৰ মনোযোগৰ ভিডিঅ 'বনাওক।

বিশ্বৰ সৈতে ভাগ বতৰা কৰিবলৈ পবিত্ৰ শ্লোকবোৰ সুন্দৰ, চিনেমাৰ ভিডিঅ "লৈ ৰূপান্তৰিত কৰক। আপোনাৰ পটভূমি বাছনি কৰক, জপৰ অডিঅ 'যোগ কৰক, আৰু আধুনিক ফৰ্মেটত গীতৰ পোহৰ বিস্তাৰ কৰক।

এই বৈশিষ্ট্যসমূহৰ বাবে এপটো ডাউনলোড কৰক

  • উচ্চ মানদণ্ডৰ পটভূমি শিল্পকৰ্ম
  • সংমিশ্ৰিত সংস্কৃত আৰু অৰ্থ পাঠ
  • নিমজ্জনশীল চেণ্টিং আৰু সংগীত
Video Generation Preview

গভীৰ নিমজ্জন অনুভৱ কৰক

নিত্য গীতাৰ সম্পূৰ্ণ সংস্কৰণৰ জৰিয়তে চিনেমাৰ আধ্যাত্মিক যাত্ৰা আৰম্ভ কৰক। উচ্চ মানদণ্ডৰ শ্লোগান, প্ৰামাণিক অনুবাদ, আৰু আপোনাৰ হাতৰ তলুৱাত এক শান্তিপূৰ্ণ ধ্যান অভয়াৰণ্য।