অৰ্জুনবিষাদযোগ - Verse শ্লোক ২৮, ২৯, ৩০, ৩১
শ্লোক ২৮, ২৯, ৩০, ৩১
কৃপয়া পৰয়াৱিষ্টো বিষীদন্নিদমব্ৰৱীত্ |
অৰ্জুন উবাচ |
দৃষ্ট্বেমং স্বজনং কৃষ্ণ যুযুৎসুং সমুপস্থিতম্ ||১-২৮||
সীদন্তি মম গাত্ৰাণি মুখং চ পৰিশুষ্যতি |
ৱেপধুশ্চ শৰীৰে মে ৰোমৰ্ষশ্চ জায়তে ||১-২৯||
গাাণ্ডীৱং স্ৰংসতে হস্তাত্ত্বক্চৈৱ পৰিদহ্যতে |
ন চ শক্লোম্যৱস্থাতুং ভ্ৰমতীব চ মে মনঃ ||১-৩০||
নিমিত্তানি চ পশ্যামি বিপৰীতানি কেশৱ |
ন চ শ্ৰেয়োঽনুপশ্যামি হত্বা স্বজনমাহৱে ||১-৩১||
Translation
অৰ্জুনে ক’লে -- হে কৃষ্ণ! যুদ্ধৰ ইচ্ছা ৰাখি উপস্থিত হোৱা এই স্বজনসকলক দেখি মোৰ অংগবোৰ শিথিল হৈ পৰিছে, মুখ শুকাই গৈছে আৰু মোৰ শৰীৰত কম্পন তথা ৰোমাঞ্চ হৈছে। মোৰ হাতৰ পৰা গাাণ্ডীৱ (ধনু) সৰি পৰিছে আৰু ছাল জ্বলি গৈছে। মোৰ মন ভ্ৰমিত হৈ পৰিছে, আৰু মই থিয় হৈ থকাত অসমৰ্থ। হে কেশৱ! মই শুভ লক্ষণবোৰো বিপৰীতহে দেখিছোঁ আৰু যুদ্ধত নিজৰ স্বজনসকলক মাৰি কোনো কল্যাণো দেখা নাই।