অৰ্জুনবিষাদযোগ - Verse শ্লোক ৪, ৫ আৰু ৬
শ্লোক ৪, ৫ আৰু ৬
অত্র শূৰা মহেষ্বাসা ভীমাৰ্জুনসমা যুধি |
যুযুধানো বিৰাটশ্চ দ্ৰুপদশ্চ মহাৰথঃ ||১-৪||
ধৃষ্টকেতুশ্চেকিতানঃ কাশিৰাজশ্চ বীৰ্যৱান্ |
পুৰুজিৎকুন্তিভোজশ্চ শৈব্যশ্চ নৰপুংগৱঃ ||১-৫||
যুধানন্যুশ্চ বিক্ৰান্ত উত্তমৌজাশ্চ বীৰ্যৱান্ |
সৌভদ্ৰো দ্ৰৌপদেয়াশ্চ সৰ্ব এৱ মহাৰথাঃ ||১-৬||
Translation
এই সৈন্যবাহিনীত মহান ধনুৰ্ধৰ যোদ্ধা আছে, যি যুদ্ধত ভীম আৰু অৰ্জুনৰ সমান, যেনে -- যুযুধান, বিৰাট তথা মহাৰথী ৰজা দ্ৰুপদ। ধৃষ্টকেতু, চেকিতান, বলৱান কাশিৰাজ, পুৰুজিৎ, কুন্তিভোজ আৰু মনুষ্যৰ মাজত শ্ৰেষ্ঠ শৈব্য। পৰাক্ৰমী যুধানন্যু, বলৱান উত্তমৌজা, সুভদ্ৰাপুত্ৰ (অভিমনু) আৰু দ্ৰৌপদীৰ পুত্ৰসকল -- এওঁলোক সকলো মহাৰথী।