ৰাজবিদ্যা ৰাজগুহ্যযোগ - Verse শ্লোক ১৩
শ্লোক ১৩
মহাত্মানস্তু মাং পাৰ্থ দৈৱীং প্ৰকৃতিমাশ্ৰিতাঃ |
ভজন্ত্যনন্যমনসো জ্ঞাত্বা ভূতাদিমৱ্যয়ম্ ||৯-১৩||
Translation
হে পাৰ্থ, কিন্তু দৈৱী প্ৰকৃতিৰ আশ্ৰয় লোৱা মহাত্মাসকলে মোক সকলো প্ৰাণীৰ আদি আৰু বিনাশহীন বুলি জানি অনন্য মনেৰে ভজনা কৰে।