মোক্ষসন্ন্যাসযোগ - Verse শ্লোক ১
শ্লোক ১
অৰ্জুন উবাচ |
সন্ন্যাসস্য মহাবাহো তত্ত্বমিচ্ছামি বেদিতুম্ |
ত্যাগস্য চ হৃষীকেশ পৃথক্কেশিনিসূদন ||১৮-১||
Translation
অৰ্জুনে ক’লে -- হে মহাবাহু! হে হৃষীকেশ! হে কেশিনিসূদন! মই সন্ন্যাস আৰু ত্যাগৰ তত্ত্ব পৃথকে পৃথকে জানিবলৈ ইচ্ছা কৰোঁ।